ৰাজ্যৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ সালসলনি ঘটোৱা হৈছে। ৰাজ্য চৰকাৰে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি কেইবাখনো জিলাত নতুন আয়ুক্ত নিয়োগ কৰা হৈছে। নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাক ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিবলৈ বদলি কৰা হৈছে আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব নিবেদন দাস পাটোৱাৰীক জিলাখনৰ আয়ুক্ত হিচাপে নিয়োগ কৰা হৈছে। গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীক মুখ্যমন্ত্ৰীৰ সচিব পদলৈ বদলি কৰা হৈছে। নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক বদলি কৰি দেৱাশীষ শৰ্মাক নগাঁৱৰ জিলা আয়ুক্তৰ দায়িত্ব দিয়া হৈছে। একেদৰে শ্রমিক কল্যাণ বিভাগৰ যুটীয়া সচিব অনামিকা তিৱাৰীক মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
Assamese | June 11, 2025 11:58 AM | assam new dc
ৰাজ্যৰ প্ৰশাসনত সালসলনি; কেইবাখনো জিলাত নতুন আয়ুক্ত নিয়োগ