ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি আজি আৰু কাইলৈ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ২৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২২ দশমিক ৭ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৩ ডিগ্রী চেলছিয়াছ।
Assamese | January 4, 2025 12:10 PM | assam ne weather today
অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ আজি ফৰকাল হৈ থাকিব