ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে ঘন কুঁৱলী পৰাৰ লগতে বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা জাৰি কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ লগতে বতৰ আংশকিভাৱে ডাৱৰীয়া হৈ থাকিব। অহা ২৪ ঘণ্টাত গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্রী চেলছিয়াছ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৪ দশমিক ৫ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২ দশমিক ৯ ডিগ্রী চেলছিয়াছ।
Assamese | January 11, 2025 1:27 PM | assam ne weather today
অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাত অহা ২৪ ঘণ্টাত ঘন কুঁৱলীৰ লগতে বতৰ ফৰকাল থাকিব