ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা কংগ্ৰেছ দলে নগাঁৱত দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সমৰ্থনত এটা ৰোড শ্ব’ অনুষ্ঠিত কৰে। নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা এই ৰোড শ্ব’ত দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে ভালেসংখ্যক নেতা-কর্মী উপস্থিত থাকে। জিলাখনৰ ধিং ধোপৰগুৰিত আজি আন এখন প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই ভাষণ দিয়ে। গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে আজি সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়।
Assamese | April 24, 2024 6:51 PM | Assam lok sabha election
নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সমৰ্থনত ৰোড শ্ব’