অহা ৭ মে’ত তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূর্ণ গতিত প্রস্তুতি অব্যাহত আছে। সেই অনুসৰি প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত অংশ ল’বলগীয়া প্রিজাইডিং আৰু প’লিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিষয়াসকলক ইলেকট্র’নিক ভোটিং মেচিন পৰিচালনা, ভোটগ্রহণ প্রক্রিয়া, নিৰাপত্তা আদি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ লগতে অহা ২৯ এপ্ৰিলৰ পৰা ২ মে’লৈ ভোটগ্ৰহণত জড়িত বিষয়াসকলক চূড়ান্ত প্রশিক্ষণ প্ৰদান কৰা হ’ব বুলি গোৱালপাৰা জিলা নির্বাচনী বিষয়াই জানিবলৈ দিছে।
Assamese | April 24, 2024 8:32 PM | Assam lok sabha election
তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ প্রস্তুতি