ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ২গৰাকী মহিলা প্রার্থীসহ মুঠ ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত কৰিমগঞ্জত সৰ্বাধিক ২৪ গৰাকী, নগাঁৱত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োৱে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে, শিলচৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্য্যকান্ত সৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামে প্রতিদ্বন্দ্বিতা কৰিছে। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰছিং টিছ’, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বার্নাড চাংমাই প্রতিদ্বন্দ্বিতা কৰিছে।
Assamese | April 26, 2024 6:53 PM | Assam lok sabha election
ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ২গৰাকী মহিলা প্রার্থীসহ ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা