ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্রহণ হ’বলগীয়া নগাঁও, বাক্সা, তামুলপুৰ জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধৰ ঘোষণা কৰা হৈছে। ইপিনে, কামৰূপ জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত আজি বিয়লি ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ বিয়লি ৫ বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। একেটা নির্দেশনাতে জিলা আয়ুক্তগৰাকীয়ে ভোটগণনাৰ বাবে নিৰ্ধাৰিত ৪ জুনৰ দিনটোতো ভোটগণনা সমাপ্ত নোহোৱালৈকে জিলাখনত সুৰা নিষিদ্ধ ঘোষণা কৰিছে।
Assamese | April 24, 2024 8:29 PM | Assam lok sabha election
ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ