ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি ক্রমে ডিফু, দৰং-ওদালগুৰি, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত নিৰ্বাচন অনুষ্ঠিত হ’ব। এইকেইটা সমষ্টিৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। অন্তিম দিনটোত ডিফু সমষ্টিৰ এজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। সেই অনুসৰি দৰং-ওদালগুৰিত ১১ গৰাকী, ডিফুত ৫ গৰাকী, শিলচৰত ৮ গৰাকী, নগাঁৱত ১৩ গৰাকী আৰু কৰিমগঞ্জত সৰ্বাধিক ২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিৰ হৈ ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য সাংসদ দিলীপ শইকীয়া আৰু কৃপানাথ মাল্লা নির্বাচনী যুজঁত অৱতীৰ্ণ হৈছে। আনহাতে, বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে একেটা সমষ্টিৰ পৰাই পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। শিলচৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাসে প্রতিদ্বন্দ্বিতা কৰিছে।
Assamese | April 9, 2024 12:22 PM | Assam capaign
ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা