ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সন্থাই আয়োজন কৰি অহা অসম গ্ৰন্থমেলাৰ বাবে লখিমপুৰত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ স্পোর্টছ কমপ্লেক্সত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে কাইলৈৰ পৰা ১০ দিনীয়াকৈ অসম গ্রন্থমেলা অনুষ্ঠিত হ’ব। কাইলৈ বিয়লি চাৰে তিনি বজাত শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰনোজ পেগুৱে গ্রন্থমেলাখন উদ্বোধন কৰিব। পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষাল বিশেষ অতিথিৰূপে উপস্থিত থাকিব। কাইলৈৰ উদ্বোধনী সভাত বিধায়ক মানর ডেকা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° অৰূপজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিভাস চৌধুৰী আৰু লখিমপুৰৰ জিলা আয়ুক্ত প্রণৱজিৎ কাকতি উপস্থিত থাকিব। গ্ৰন্থমেলাৰ দিনকেইটাত ভাষা সাহিত্য, সংস্কৃতি, ইতিহাস আদি ভিন্ন বিষয় সামৰি আলোচনাচক্র অনুষ্ঠিত হ’ব।
Assamese | October 31, 2025 7:10 PM | Assam Book Fair
অহা অসম গ্ৰন্থমেলাৰ বাবে লখিমপুৰত প্ৰস্তুতি সম্পূৰ্ণ