অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰিত আজিও পুৱাৰে পৰা বহু লোকৰ সমাগম হৈছে। আজি অন্তিম দিনা বিয়লি হ’বলগীয়া সামৰণি অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সভাপতিৰূপে অংশগ্রহণ কৰিব। এই অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰববী ড° সচ্চিদানন্দ যোশী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্ত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব। উল্লেখযোগ্য যে গ্ৰন্থমেলাৰ বাকৰিত কালি উপন্যাস সাহিত্য – তত্ব, শৈলী আৰু বিষয়বস্তু শীৰ্ষক আলোচনা চক্ৰৰ আঁত ধৰে বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পুজাৰীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, লেখক ড° জয়ন্ত মাধৱ বৰাই উপন্যাসক মানুহৰ জীৱনক পৰিপূৰ্ণভাৱে স্বীকৃত কৰিব পৰা এটা মাধ্যম বুলি উল্লেখ কৰে।
Assamese | January 7, 2025 1:48 PM | Assam Book Fair
সুমন্ত চলিহাৰ সভাপতিত্বত আজি অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান