ৰাজ্যৰ প্ৰত্যক্ষ নিযুক্তি আয়োগৰ অধীনত অহা ১৫ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নিযুক্তি পৰীক্ষাৰ বাবে কাৰ্বি আংলং জিলাৰ ডিফুত জিলা দুৰ্যোগ প্ৰাধিকৰণ কাৰ্যালয়ত জিলা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। পৰীক্ষাত নিয়োজিত ব্যক্তিসকলকো প্রশিক্ষণ দি থকা হৈছে। একেদৰে নিযুক্তি পৰীক্ষাসমূহ স্বচ্ছ, নিকা আৰু ত্রুটিবিহীনভাৱে অনুষ্ঠিত কৰিবলৈ চৰাইদেউ জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত হ’বলগীয়া নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়াৰ তদাৰক তথা নিৰীক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ সচিব ফৰিদা চামছুলক কেন্দ্ৰীয় পর্যৱেক্ষক হিচাপে নিয়োজিত কৰা হৈছে।
Assamese | September 10, 2024 9:20 PM | assam adre 2024
ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ