এছিয়া কাপ টি টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব। প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ’ৰ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে শ্রীলংকাক নাটকীয়ভাৱে ছুপাৰ অভাৰত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাখনৰ ছখন খেলতে অপ্ৰতিদ্বন্দ্বি হৈ ৰয়। ভাৰতে ইতিমধ্যে এছিয়া কাপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে শ্রীলংকাই ছুপাৰ ফ’ৰৰ দুয়োখন খেলতে পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। কালি নিশা খেলখন প্রথমে ড্র হোৱাৰ পাছত ছুপাৰ অভাৰত খেলখন এই বছৰৰ এছিয়া কাপ টি-২০ ক্রিকেট প্ৰতিযোগিতাৰ আটাইতকৈ ৰোমাঞ্চকৰ খেল হৈ পৰে। ছুপাৰ অভাৰত ভাৰতৰ অৰ্শদীপ সিঙে দুটা উইকেট দখল কৰি শ্ৰীলংকাক দুই ৰান লোৱাত বাধা দিয়ে। ইপিনে খেলখনত জয়ৰ বাবে তিনি ৰানৰ প্ৰয়োজন হোৱা ভাৰতে ছুপাৰ অভাৰৰ প্ৰথমটো বলতে বিজয় সুনিশ্চিত কৰে।
ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত পাঁচ উইকেটৰ বিনিময়ত ২০২ ৰান কৰে । অভিষেক শৰ্মাই সৰ্বাধিক ৬১ ৰান কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাৰ পাথুম নিশাংকৰ শতকৰ সহায়ত খেলখন ড্র হয়। নিশাংকক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷
Assamese | September 27, 2025 7:05 PM | Asia Cup 2025
এছিয়া কাপৰ ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ