ৰাজ্যৰ খৰাং পৰিস্থিতি জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণ কৰা হ’ব বুলি জলসিঞ্চন মন্ত্রী অশোক সিংহলে প্ৰকাশ কৰিছে। কালি যোৰহাট জিলাৰ বাহগুৰি-ছগুৰি এলেকাৰ জলসিঞ্চন প্ৰকল্পটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ কৃষকসকল উপকৃত হোৱাকৈ জলসিঞ্চন প্রকল্প লোৱা হ’ব বুলি ঘোষণা কৰে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে লগতে ন-বৰাচুক আদৰ্শ চিকিৎসালয়খন ৰাইজৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে চিকিৎসালয়ৰ লগত ৰাইজ সংযুক্ত হৈ থাকিব লাগিব। চৰকাৰী চিকিৎসালয়ৰ প্ৰতি ৰাইজৰ নতুন আশা আহিছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত যোৰহাটৰ বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, যুটীয়া সেৱা সঞ্চালকৰ মাখন শইকীয়া প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পাছত মন্ত্ৰীগৰাকীয়ে মৰিয়নিত চিৰাখাতি প্রৱাহিত জলসিঞ্চন আঁচনিৰ নলা নিৰ্মাণ আৰু উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে।
Assamese | August 6, 2025 1:13 PM | ashok singhal jorhat
ৰাজ্যৰ খৰাং পৰিস্থিতি জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণ কৰা হ’বঃ জলসিঞ্চন মন্ত্রী অশোক সিংহল