নতুন দিল্লীত আয়োজিত আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি বিষয়ক যুটীয়া সমিতিৰ অষ্টম বৈঠকৰ কালি সামৰণি পৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ৰাজেশ আগৰৱাল আৰু মালয়ছিয়াৰ বিনিয়োগ, বাণিজ্য তথা উদ্যোগ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ সঞ্চালক ড° সুগুমাৰী এছ শ্বনমুগামে ৫ দিনীয়া এই বৈঠকত সহ-অধ্যক্ষতা কৰে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সমিতিৰ প্ৰাথমিক উদ্দেশ্য হৈছে চুক্তিসমূহৰ আধুনিকীকৰণ কৰা যাতে বাণিজ্যৰ বাবে এইসমূহ অধিক অনুকূল আৰু ফলপ্ৰসূ হয়। বিবৃতিটোত লগতে কোৱা হৈছে যে আছিয়ান ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বাণিজ্য অংশীদাৰ হৈ আহিছে আৰু ভাৰতৰ গোলকীয় বাণিজ্যৰ আনুমানিক ১১ শতাংশ অংশীদাৰিত্ব বহন কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰত আৰু আছিয়ানৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ১২১ বিলিয়ন মার্কিন ডলাৰত উপনীত হৈছে বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে। এই বৈঠকত ব্রুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, মালয়ছিয়া, ম্যানমাৰ, লাও পিডিআৰ, ফিলিপিন্স, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনামকে ধৰি আছিয়ান ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
Assamese | April 12, 2025 1:05 PM | Asaian
আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি বিষয়ক যুটীয়া সমিতিৰ অষ্টম বৈঠকৰ সামৰণি