অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। ১২ জনীয়া ৰাজ্যিক মন্ত্ৰীসভাৰ ৯ গৰাকী নতুন সদস্য আছে। উপ-মুখ্যমন্ত্ৰী ছোনা মেইনক বিত্ত, পৰিকল্পনা আৰু বিনিয়োগ তথা শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পাছাং দৰ্জী চোনাক শিক্ষা আৰু গ্ৰামোন্নয়ন, বিউৰাম ৱাহাগেক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বাংকিলঙক পৰিৱেশ আৰু বন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। একেদৰে দাছাংলু পুলক মহিলা আৰু শিশু বিকাশ সাংস্কৃতিক পৰিক্ৰমা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে।
Assamese | June 15, 2024 9:36 PM | Arunachal CM Pema Khandu allocates portfolios to newly inducted ministers
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ