October 14, 2025 8:18 PM | Arjun Ram Meghwal

printer

নতুন দিল্লীত আইনী তথ্য আৰু নির্দেশনা ব্যৱস্থাৰ লাইভ কেছেছ ডেছবর্ড মুকলি অর্জুনৰাম মেঘৱালৰ

কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্রী অর্জুনৰাম মেঘৱালে আজি নতুন দিল্লীত গোচৰৰ স্থিতি আৰু প্ৰগতিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে আইনী তথ্য ব্যৱস্থাপনা আৰু নির্দেশনা ব্যৱস্থাৰ লাইভ কেছেছ ডেছবর্ড মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমেঘৱালে কয়, যে চৰকাৰী মোকদমা ব্যৱস্থাপনা অধিক স্বচ্ছ, দক্ষ আৰু উত্তৰদায়ী কৰি তোলাৰ উদ্দেশ্যে এই উদ্যম গ্রহণ কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীমেঘৱালে কয়, যে এই ডেছব‘ৰ্ডৰ জৰিয়তে চৰকাৰে উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু অন্য আদালতত পৰৱৰ্তী সাত দিনত শুনানী হ‘বলগীয়া বিভিন্ন মন্ধ্যালয় জড়িত সকলো গোচৰৰ সবিশেষ প্ৰদানৰ বাবে এটা ব্যৱস্থা বিকশাই তুলিছে। বিষয়া আৰু মন্ত্রীসকলে তেওঁলোকৰ কাৰ্য্যালয়ৰ ডেছবৰ্ডৰ জৰিয়তে এই তথ্য পোনপটীয়াকৈ নিৰীক্ষণ কৰিব পাৰিব আৰু পৰৱৰ্তী সপ্তাহত শুনানীৰ বাবে তালিকাভুক্ত গোচৰৰ সবিশেষ লাভ কৰিব পাৰিব।