কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীত অনুষ্ঠিত ইণ্ডো-জার্মান যুৱ নেতা মঞ্চত অংশগ্রহণ কৰি ভাৰতক সুস্থিৰ গণতন্ত্ৰ হিচাপে গঢ়ি তোলা শেহতীয়া আইন সন্দর্ভত জনসাধাৰণক উদ্দেশ্যি ভাষণ প্রদান কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমেঘৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আদর্শ গণতন্ত্র, আইনী নিধি আৰু বিশ্ব পৰ্যায়ৰ সু-শাসনৰ দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে এই মঞ্চৰ জৰিয়তে ভাৰত আৰু জার্মানীৰ যুৱ নেতাসকল, নীতিনির্ধাৰক আৰু শিক্ষাবিদসকলে ঐক্যবদ্ধ হৈ সহযোগিতা, উদ্ভাৱন আৰু যুৱ নেতাসকলৰ নেতৃত্বক নতুন গতি প্ৰদানৰ উদ্দেশ্যে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই মঞ্চই দুয়ো দেশৰ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিছে।
Assamese | October 10, 2025 8:41 PM | Arjun Ram Meghwal
ইণ্ডো-জার্মান যুৱ নেতা মঞ্চত অর্জুন ৰাম মেঘৱালৰ অংশগ্রহণ