চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ খেলসমূহ আজিৰে পৰা দক্ষিণ কোৰিয়াৰ য়েচিয়নত আৰম্ভ হ’ব। যোৱা মাহত চীনৰ চাংহাইত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰা একেটা ১৬ জনীয়া দলকে ভাৰতে দ্বিতীয় পৰ্যায়ৰ বাবেও প্ৰেৰণ কৰিছে। প্ৰথম পৰ্যায়ত ভাৰতীয় দলটোৱে মুঠ ৮টা পদকেৰে পদক তালিকাত শীর্ষস্থান লাভ কৰিছিল। ইয়াৰ ভিতৰত ৫টা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক আছে। উল্লেখযোগ্য যে এয়া হ’ল আৰ্চাৰী বিশ্বকাপৰ কোনো এটা সংস্কৰণত ভাৰতীয় খেলুৱৈয়ে জয় কৰা সৰ্বাধিক পদকৰ সংখ্যা। প্রতিযোগিতাৰ দ্বিতীয় পৰ্যায়ৰ অহা দেওবাৰে সামৰণি পৰিব। এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ তৃতীয় পৰ্যায়ৰ খেলসমূহ তুৰস্কৰ আণ্টাল্যাত আৰু চূড়ান্ত পৰ্যায়ৰ মেক্সিকোৰ টলাক্সকালাত অনুষ্ঠিত হ’ব।
Assamese | May 21, 2024 11:38 AM | Archery World Cup 2024 at Yecheon
দক্ষিণ কোৰিয়াৰ য়েচিয়নত আজিৰে পৰা আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ খেল