বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্রদান কৰিবলৈ বিচাৰ আদালতে প্ৰদান কৰা নিৰ্দেশক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰাখিছে। সুৰা কেলেংকাৰীৰ এটা গোচৰত অভিযুক্ত আপৰ মুৰব্বীগৰাকীৰ জামিন চূডান্ত ৰায়দান ঘোষণা নোহোৱা পৰ্যন্ত স্থগিত ৰখা হৈছে৷ উচ্চ ন্যায়ালয়ে অধিবক্তাক সোমবাৰৰ ভিতৰত লিখিত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে নিজৰ আবেদনত উল্লেখ কৰিছে যে, শুনানিৰ পৰ্যাপ্ত সুযোগ নিদিয়াকৈয়ে পৰহি কেজৰিৱালক নিয়মীয়া জামিন প্ৰদানৰ নিৰ্দেশ গৃহীত কৰা হৈছিল। কেজৰিৱালৰ অধিবক্তা বিক্রম চৌধাৰীয়ে এই সন্দৰ্ভত আপত্তি দর্শাই কয় যে, বিচাৰ আদালতৰ ন্যায়াধীশে বিশদ আদেশৰ জৰিয়তেহে জামিন মঞ্জুৰ কৰিছিল।
Assamese | June 22, 2024 1:21 PM | Arbinda kajriwal
অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ চূডান্ত ৰায়দান ঘোষণা নোহোৱা পৰ্যন্ত স্থগিত