উচ্চতম ন্যায়ালয়ে আজি অবৈধ সুৰা নীতিৰ দুৰ্নীতি সন্দৰ্ভত চি বি আয়ে ৰুজু কৰা এটা গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। আদালতে ১০ লাখ টকাৰ চৰ্তসাপেক্ষ বন্দৰ বিনিময়ত শ্ৰী কেজৰিৱালৰ জামিন মঞ্জুৰ কৰে। এই ঘটনা সন্দৰ্ভত শ্ৰী কেজৰিৱালে যাতে কোনোধৰণৰ ৰাজহুৱা মতামত প্ৰকাশ নকৰে, তাৰবাবে উচ্চতম ন্যায়ালয়ে শ্রী কেজৰিৱালক চৰ্ত বান্ধি দিছে। ইয়াৰ লগতে পৰৱৰ্তী শুনানিসমূহত তেওঁ উপস্থিত থাকিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে পৰহি দিল্লী ন্যায়ালয়ে সুৰা নীতি, দুর্নীতি সন্দৰ্ভত মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে।
Assamese | September 13, 2024 12:48 PM | Arbinda kajriwal
অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ