June 21, 2025 12:27 PM | apsc on high court

printer

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত ৫২গৰাকী চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত ৫২ গৰাকী চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। উচ্চ ন্যায়ালয়ে কালি বহুসংখ্যক আপীল আবেদনৰ শুনানি লৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায় আংশিকভাৱে খাৰিজ কৰি বৰ্খাস্ত হোৱা বিষয়াসকলক পুনৰ চাকৰিত মকৰল কৰাৰ নিৰ্দেশ জাৰি কৰে। নিৰ্দেশনাত ন্যায়ালয়ে চাকৰি ঘূৰাই পালেও তেওঁলোকে বৰ্খাস্ত হোৱাৰ সময়ছোৱাৰ দৰমহাকে ধৰি অন্যান্য সা-সুবিধা লাভ নকৰিব বুলি উল্লেখ কৰে। এই বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে বিভাগীয় কাৰ্যব্যৱস্থা আৰম্ভ কৰিব পাৰিব বুলি উল্লেখ কৰি ন্যায়ালয়ে বিষয়াসকলৰ বিৰুদ্ধে ফৌজদাৰী ব্যৱস্থা গ্ৰহণত এই নিৰ্দেশনাই বাধাৰ সৃষ্টি নকৰে বুলি স্পষ্ট কৰি দিয়ে। অৱশ্যে অসম আৰক্ষী সেৱাৰ পদত প্ৰবেচনৰ সময়সীমা সম্পূর্ণ নকৰা বিষয়াসকলে চাকৰি ঘাৰাই নাপাব। তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ প্রত্যাহাৰ কৰি ইয়াৰ পৰিৱৰ্তে তেওঁলোক চাকৰিৰ বাবে যোগ্য নহয় বুলি আন এটা নিৰ্দেশ জাৰি কৰিবলৈ উচ্চ ন্যায়ালয়ে ৰায়দানত উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা অৱস্থাত ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগত অসম প্ৰশাসনীয় সেৱাৰ বিষয়াকে ধৰি ভালেসংখ্যক বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত এই বিষয়াসকলে তেওঁলোকৰ বৰ্খাস্তকৰণৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত জনোৱা আবেদন এজনীয়া বিচাৰপীঠে খাৰিজ কৰাত বিষয়াসকলে খণ্ড আদালতত আবেদন দাখিল কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।