July 27, 2025 7:36 PM | apsc on high court

printer

APSC অধীনৰ নিযুক্তিত অনিয়ম সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগৰ পৰামৰ্শাৱলীৰ কাৰ্যকাৰিতা সন্দৰ্ভত চৰকাৰে ৩১ জুলাইত উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰিব

অসম লোকসেৱা আয়োগৰ অধীনৰ নিযুক্তিত অনিয়ম সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কিমান দূৰ কাৰ্যকৰী কৰিছে সেই সন্দৰ্ভত অহা ৩১ জুলাইত উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্ন উত্থাপন কৰাৰ লগতে তথ্য দাখিলৰ নির্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰিছিল। আয়োগে ২০১৩ আৰু ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰী তদন্ত সম্পূৰ্ণ কৰি ৰাজ্য চৰকাৰক ইতিমধ্যে প্রতিবেদন দাখিল কৰিছে। আয়োগৰ প্ৰতিবেদনত চৰকাৰক কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।