১৯৭২ চনৰ মাধ্যম আন্দোলনৰ দ্বিতীয় ছহিদ অনিল বৰাৰ ৫৩ সংখ্যক স্মৃতি দিৱস আজি তেওঁৰ জন্মস্থান নগাঁৱৰ পলাশনিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, নগাঁও জিলা ছাত্ৰ সন্থা আৰু নগাঁও মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অনিল বৰাই মাধ্যম আন্দোলনৰ নেতৃত্ব দি আজিৰ দিনটোতে হোজাইলৈ গৈছিল আৰু দুর্বৃত্তৰ হাতত প্রাণ হেৰুৱাইছিল। ছহিদগৰাকীৰ প্ৰতি সন্মানার্থে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। পলাশনি সাংস্কৃতিক আৰু ক্রীড়া সন্থাৰ উদ্যোগত ক্রীড়া সন্থাৰ খেলপথাৰত পতাকা উত্তোলনেৰে দিৱসৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত স্মৃতিচাৰণ সভাত কেইবাগৰাকী ব্যক্তিয়ে ছহিদগৰাকীৰ স্মৃতিচাৰণ কৰে।
Assamese | October 7, 2025 7:46 PM | Anil bora
দিনজোৰা কাৰ্যসূচীৰে অনিল বৰাৰ ৫৩ সংখ্যক স্মৃতি দিৱস পালন