অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুয়ে কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পূর্ণ সহযোগিতাৰ কথা প্ৰকাশ কৰে। এই আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দি শ্ৰী নাইডুৱে এয়া কাপুৰুষৰ কাৰ্য বুলি অভিহিত কৰে। দেশৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি সমগ্ৰ দেশবাসীৰ সমৰ্থন আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰী মোদীক আশ্বাস দিয়ে। এনে কঠিন সময়ত প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বৰ প্ৰতি শ্ৰী নাইডুৱে আস্থা প্ৰকাশ কৰে।
Assamese | April 26, 2025 1:42 PM | Andhra Pradesh Chief Minister N. Chandrababu Naidu
পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পূর্ণ সহযোগিতা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুৰ