বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি ঝাৰখণ্ডৰ ৰাঁচীলৈ যাব। তেওঁ দলৰ নেতাসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলাব। বিজেপিৰ নেতাগৰাকীয়ে কাইলৈ চৰাৰ ছিমৰীয়া, ঘাটছিলাৰ বালভূমগড় আৰু হাজাৰিবাগ জিলাৰ বৰকথাত তিনিখন নির্বাচনী সভাক সম্বোধন কৰিব। ইপিনে, ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনত শাসনাধিষ্ঠিত আই এন ডি আই মিত্ৰজোঁট আৰু বিৰোধী এন ডি এ মিত্ৰজোঁটৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ নির্বাচন সহ প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, বিজেপি ক্ষমতালৈ আহিলে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এন আৰ চি ৰূপায়ণ কৰা হ‘ব। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে বিজেপিক সংবিধান বিৰোধী বুলি অভিযোগ উত্থাপন কৰিছে। শ্রীবেণুগোপালে কৈছে যে, দলটোৱে ব্যাপক পৰ্যায়ত এই বিষয়টো উত্থাপন কৰিব ।
Assamese | November 2, 2024 12:16 PM | Amit sha
নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অমিত শ্বাহ আজি ৰাঁচীলৈ ৰাওনা