নতুন দিল্লীত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ‘ব। উক্ত বৈঠকত মূলতঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ লগতে জটিল নিৰাপত্তাজনিত বিষয়সমূহক লৈ আলোচনা কৰা হ‘ব। জম্মু-কাশ্মীৰৰ শান্তি শৃংখলা উন্নত কৰিবৰ বাবে পৰ্যালোচনা কৰাৰ লক্ষ্যৰে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাও বৈঠকখনত অংশ ল‘ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, কেন্দ্রীয় গৃহ সচিব গোৱিন্দ মোহন, চোৰাংচোৱা ব্যুৰ‘ৰ সঞ্চালক তপন ডেকা, সেনা প্রধান উপেন্দ্র দ্বিবেদীকে ধৰি জেষ্ঠ সেনা বিষয়াসকল, চি-এ-পি-এফৰ সঞ্চালক প্রধান, জম্মু-কাশ্মীৰৰ ডি জি পিৰ মুখ্য সচিবকে ধৰি অন্যান্য জেষ্ঠ বিষয়াসকল এই বৈঠকত উপস্থিত থাকিব।
Assamese | December 19, 2024 12:13 PM | Amit sha
অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত আজি উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক