আমেৰিকাৰ ধৰ্মগুৰু ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভ’ষ্ট পোপ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ কেথ’লিক গিৰ্জাৰ ইতিহাসৰ প্ৰথমজন মার্কিন পোপ। শ্রীপ্রেভ’ষ্টক চতুৰ্দশ পোপ লিঅ’ৰ নামেৰে জনা যাব। ছিকাগোত জন্মগ্রহণ কৰা ৬৯ বছৰীয়া প্ৰেভষ্ট অগাষ্টিনিয়ান অৰ্ডাৰৰ সদস্য আৰু তেওঁ পেৰুত সেৱা আগবঢ়াই আহিছে। ২০২৩ চনত পোপ ফ্রান্সিছে তেওঁক ডিকাষ্টেৰী ফৰ বিশ্বপৰ প্ৰিফেক্ট আৰু লেটিন আমেৰিকাৰ পন্টিফিকেল কমিছনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ভেটিকান বেলকনীৰ পৰা জনতাক সম্বোধন কৰি ৰোমান কেথলিক গীৰ্জাৰ নতুন মুৰব্বীগৰাকীয়ে সকলোৰে বাবে শান্তিৰ কামনা কৰে৷
Assamese | May 9, 2025 12:28 PM | American prelate Robert Prevost elected as new Pope
আমেৰিকাৰ ধৰ্মগুৰু ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভ’ষ্ট পোপ হিচাপে নিৰ্বাচিত