June 21, 2025 12:22 PM | ambubachi kamakhya

printer

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ

শক্তিপীঠ কামাখ্যা ধামত কাইলৈ অম্বুবাচী মহাযোগ আৰম্ভ হ’ব। কাইলৈ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ’ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। পৰ্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ অম্বুবাচী মেলা আয়োজনৰ বাবে চাৰি কোটি ৫৫ লাখ টকা আগবঢ়াইছে। প্ৰতিবছৰৰ দৰে এইবাৰো দেশী-বিদেশী অগণন ভক্তই এই মেলাত অংশ লোৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰশাসনে ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অম্বুবাচী মেলা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।  

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।