বায়ুসেনাৰ মুৰববী অমৰপ্ৰীত সিঙৰ কৃত্রিম বুদ্ধিমত্তা সম্বলিত বহুল প্রচাৰিত এটা ভিডিঅ ভুৱা বুলি চৰকাৰে দাবী কৰিছে। প্ৰেছ ইনফ’ৰমেছন ব্যুৰ’ৰ সত্য পৰীক্ষণ গোটে কয়, যে বায়ুসেনাৰ মুৰবৰীগৰাকীৰ নামত ওলোৱা ভিডিঅটো ভুৱা আৰু এয়া প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত কৰা হৈছে। বায়ুসেনাৰ মুৰবৰীগৰাকীয়ে ভিডিঅ’টোত প্রকাশ পোৱা ধৰণৰ কোনো মন্তব্য কৰা নাই। কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা এনে ভিডিঅ’ৰে দুষ্ট চক্ৰই মানুহক অস্থিৰ কৰাৰ লগতে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলোৱা বুলিও প্রেছ ইনফ’ৰমেছন ব্যুৰ’ৰ সূত্ৰই প্ৰকাশ কৰে।
Assamese | October 4, 2025 12:37 PM | Amarprit singh
অমৰপ্ৰীত সিঙৰ কৃত্রিম বুদ্ধিমত্তা সম্বলিত বহুল প্রচাৰিত এটা ভিডিঅ ভুৱা বুলি চৰকাৰৰ দাবী