লোকসভা নিৰ্বাচনৰ পাছতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত একত্ৰীকৰণ হ’ব বুলি লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে এখন নির্বাচনী সভাত প্রকাশ কৰিছে। কালি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ এখন প্ৰচাৰ সভাত অংশ লৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই কথা প্ৰকাশ কৰে। নামৰূপৰ ড° ভূপেন হাজৰিকা মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত এই নির্বাচনী সভাত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, প্রাক্তন মন্ত্ৰী প্ৰণতি ফুকনকে ধৰি বিৰোধী ঐক্য মঞ্চৰ দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে।
Assamese | April 6, 2024 12:50 PM | akhil gogoi new party
লোকসভা নিৰ্বাচনৰ পাছতে একত্ৰিত হ’ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলঃ অখিল গগৈ