আলঝেইমাৰ আৰু ডিমেনচিয়া ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে আজিৰ দিনটো বিশ্ব আলঝেইমাৰ দিৱস হিচাপে পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানত এই ৰোগ সন্দৰ্ভত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে এই ৰোগৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে। এইবাৰ এই দিৱসৰ বিষয় হৈছে ডিমেনচিয়া আৰু আলঝেইমাৰক লৈ কাম কৰাৰ সময় সমাগত। উল্লেখযোগ্য যে আলঝেইমাৰত আক্ৰান্ত ৰোগীৰ মগজুৰ কোষ সংকুচিত আৰু ক্ষতি হোৱাৰ ফলত স্মৃতি শক্তি হ্ৰাস পোৱাৰ উপৰি সামাজিক সংযোজনৰ ক্ষমতাও কমি আহে। তথ্য অনুসৰি বিশ্বৰ ৫৫ নিযুততকৈ অধিক লোক এই ৰোগত আক্ৰান্ত হৈ স্মৃতি শক্তি হেৰুৱাই পেলায়। অধিক সংখ্যক লোকৰে এই ৰোগ সন্দৰ্ভত থকা ভ্ৰান্ত ধাৰণাৰ বাবে ইয়াক বাঢ়ি অহা বয়সৰ স্বাভাৱিক উপসর্গ বুলি গণ্য কৰা হয় যদিও ইয়াক লৈ ব্যাপক সচেতনতাৰ প্ৰয়োজন আছে।
Assamese | September 21, 2024 9:26 PM | aizhener day assam
বিশ্বজুৰি আলঝেইমাৰ-ডিমেনচিয়া ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব আলঝেইমাৰ দিৱস পালন