প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত পৰহিলৈ আয়োজিত ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব’ প্ৰদৰ্শন কৰা হ’ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব’ত ৰাফেল, মিগ, ছুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ ল’ব। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আবাসীসকলক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইচ্ছ্যুক ব্যক্তিসকলে ফ্লাইং শ্ব’ চাব পাৰিব জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্ব’টো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে।
Assamese | November 7, 2025 11:17 AM | air show
গুৱাহাটীৰ লাচিতঘাটত আয়োজিত ৯৩সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্রহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে