ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ বিৰতিৰ পাছত পূৰ্বে সাময়িকভাৱে বন্ধ ৰখা ৩২টা বিমানবন্দৰ পুনৰ মুকলি কৰা হৈছে। এটা বিবৃতিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকাৰীয়ে কালি এই কথা ঘোষণা কৰে। পেহেলগাম ঘটনাৰ পাছত চুবুৰীয়া দেশ দুখনৰ মাজত বাঢ়ি অহা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই বিমানবন্দৰকেইটা ১৫ মে’ পর্যন্ত বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছিল। বিবৃতিটোত লগতে কোৱা হয় যে যাত্ৰীসকলে বিমান সেৱাৰ বিষয়ে যাৱতীয় তথ্য লাভৰ বাবে এয়াৰলাইন্স ৱেবছাইটৰ সৈতে যোগাযোগ কৰিব পাৰিব ।
Assamese | May 13, 2025 12:55 PM | air port
সাময়িকভাৱে বন্ধ ৰখা ৩২টা বিমানবন্দৰ পুনৰ মুকলি