অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান-এইমছৰ ট্ৰমা কেন্দ্ৰৰ চৌহদত জটিল ৰোগৰ চিকিৎসা কক্ষ স্থাপন কৰা হব বুলি প্ৰতিষ্ঠানটোৰ সঞ্চালক এম শ্রীনিবাসে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনিৱাসে কয়, যে ২০০খন বিচনাযুক্ত এই কক্ষত গুৰুতৰ অৱস্থাত থকা ৰোগীসকলক তৎকালে চিকিৎসা প্ৰদান কৰা হ‘ব। ইয়াৰ বাবে ইতিমধ্যে বাজেটত অনুমোদন জনোৱা হৈছে আৰু অহা দুবছৰত এই জটিল ৰোগৰ চিকিৎসা কক্ষটো চিকিৎসাৰ বাবে সাজু হৈ উঠিব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ইয়াৰ ফলত প্ৰতিদিনে ৭শৰ পৰা ৮শ ৰোগী অহা এইমছৰ জৰুৰীকালীন বিভাগৰ চিকিৎসাৰ হেঁচা বহু পৰিমাণে হ্ৰাস পাব। প্রতিষ্ঠানখনত প্ৰতিবছৰে ৫০ লাখৰো অধিক ৰোগী চিকিৎসাৰ বাবে আহে আৰু জৰুৰীকালীন বিভাগে প্ৰতিবছৰে ৩ লাখ অস্ত্ৰোপচাৰ সম্পন্ন কৰে।
Assamese | December 30, 2024 8:32 PM | AIIMS
এইমছৰ ট্ৰমা কেন্দ্ৰৰ চৌহদত জটিল ৰোগৰ চিকিৎসা কক্ষ স্থাপন