আহমেদাবাদত আজি আৰম্ভ হোৱা কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী প্ৰতিভাবান খেলুৱৈয়ে অংশ লৈছে। কাইলৈ ধৰ্মজ্যোতি দেওঘৰীয়াই ল’ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রাম শাখাত অৱতীৰ্ণ হ’ব। প্ৰতিযোগিতাত অংশ লোৱা অসমৰ আনকেইগৰাকী ভাৰোত্তোলক হৈছে- ৫৮ কিলোগ্রাম শাখাত ভাবনা গগৈ, ৭১ কিলোগ্ৰাম শাখাত হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈ আৰু ৭৯ কিলোগ্ৰাম শাখাত বেব্ৰত ভৰালী। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগী কেইগৰাকীলৈ শুভেচ্ছা জনাইছে।
Assamese | August 24, 2025 8:48 PM | ahmedabad assam players
আহমেদাবাদত কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী খেলুৱৈৰ অংশগ্ৰহণ