কৃষি বিভাগৰ উদ্যোগত আৰু অসম ক্ষুদ্র কৃষক কৃষি বাণিজ্য কনছ’ৰটিয়ামৰ সহযোগত গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আজিৰে পৰা তিনিদিনীয়াকৈ কৃষক উৎপাদক মেলা অনুষ্ঠিত হৈছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি এই মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ বিভিন্ন বিপণীসমূহ প্ৰত্যক্ষ কৰাৰ লগতে কৃষক তথা কৃষি উদ্যোগীসকলৰ সৈতে মত-বিনিময় কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বছৰত দুটা বা তিনিটা বাণিজ্যিক মূল্য থকা শস্যৰ খেতিৰ প্ৰতি কৃষকসকলক আগ্ৰহী কৰি তোলাৰ বাবে এই মেলা অনুষ্ঠিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাক এই মেলাই নতুন গতি দিবলৈ সমৰ্থ হ’ব বুলি শ্ৰীবৰাই আশা প্রকাশ কৰে। তেওঁ কয় যে ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষকসকলক সংঘবদ্ধ কৰি কৃষিক উপাৰ্জনৰ নিশ্চিত ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে সমগ্ৰ দেশত ১০ হাজাৰ কৃষক উৎপাদক সংস্থা গঠনৰ আঁচনি লৈছে। অসমত গঠন হোৱা এনে সংস্থাসমূহে ৰাজ্যখনত নৱজাগৰণৰ সূচনা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
Assamese | March 17, 2025 6:56 PM | agriculture fair
কৃষি বিভাগৰ উদ্যোগত শিল্পগ্ৰামত আজিৰে পৰা তিনিদিনীয়াকৈ কৃষক উৎপাদক মেলা অনুষ্ঠিত