ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কার্যালয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ’ব। চলিত বৰ্ষৰ যোৱা এপ্রিল মাহৰ পৰা মে’ মাহলৈ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়ে এই সমাবেশত অংশ ল’ব পাৰিব। প্রার্থীসকলে ফলাফল তথা অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ বাবে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.inত লগইন কৰিব পাৰিব।
Assamese | June 27, 2024 11:31 AM | agnibeer requitment sonitpur
শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে ২৩-২৭ জুলাইলৈ শোণিতপুৰত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশ