ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ’ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ পৰা মে’ মাহলৈ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়ে এই সমাৱেশত অংশ ল’ব পাৰিব। প্ৰাৰ্থীসকলে ফলাফল তথা অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ বাবে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.ing লগইন কৰিব পাৰিব।
Assamese | June 29, 2024 6:35 PM | agnibeer requitment sonitpur
শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে শোণিতপুৰত ২৩ৰ পৰা ২৭ জুলাইলৈ অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশ