বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহৰ ৰূপায়ণৰ বিষয়টো সংশ্লিষ্ট বিভাগসমূহে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব। উদ্যোগ আৰু বাণিজ্য বিভাগে এই চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি কৰিব। ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। এডভান্টেজ শীর্ষ সন্মিলনত ২৮৯খন বিত্তীয় বুজাবুজিৰ চুক্তি আৰু ৪০খন অনা-বিত্তীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিসমূহ সময়মতে ৰূপায়িত হ’লে অনাগত সময়ত ৰাজ্যৰ প্রেক্ষাপটেই সলনি হ’ব। চুক্তিসমূহৰ ৰূপায়ণৰ উদ্দেশ্যে উদ্যোগ আৰু বাণিজ্য বিভাগৰ বিশেষ বিনিয়োগ কোষ গঠন কৰা হৈছে আৰু এই কোষে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দৰে নিকায় আৰু আন বিভাগসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰিব বুলি শ্ৰীবৰাই উল্লেখ কৰে। তেওঁ কয় যে ১০০ কোটি টকাতকৈ অধিক ধন বিনিয়োগ কৰা আৰু কমেও ২০০জন লোকক কর্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা বিনিয়োগকাৰীসকলে ৰাজ্য চৰকাৰৰ বিশেষ ঔদ্যোগিক নীতিৰ উপকাৰ লাভ কৰিব ।
Assamese | February 28, 2025 1:20 PM | Advantage Assam
উদ্যোগ আৰু বাণিজ্য বিভাগৰ চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি