মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতবৰ্ষত দত্তক গ্ৰহণৰ পৰিসংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই বিত্তীয় বৰ্ষত ৪ হাজাৰ ৫১৫ টি শিশুক দত্তক লোৱা হৈছে, যি বিগত ১২ বৰ্ষৰ সৰ্বাধিক। দ্যা চেণ্ট্ৰেল এডপচন ৰিছ‘ৰ্ছ অথৰিটি চমুকৈ কাৰাই নতুনকৈ আন ৮ হাজাৰ শিশুক দত্তক গ্ৰহণৰ সুবিধা কৰি দিছে। মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰে যে, ৰাজ্য চৰকাৰসমূহৰ সৈতে মিলি দত্তক গ্রহণ প্রক্রিয়া অধিক সহজ কৰি তুলিবলৈ দেশত ২৪৫ টা নতুন দত্তক গ্রহণ সংস্থা স্থাপন কৰা হৈছে।
Assamese | April 2, 2025 1:06 PM | Adoptation
ভাৰতত ২০২৪-২৫ বিত্তীয় বৰ্ষত শিশু দত্তক গ্ৰহণৰ সংখ্যাই ১২ বৰ্ষৰ অভিলেখ ভংগ