মালদীপৰ বৈদেশিক মন্ত্ৰী ড° আব্দুল্লা খলিলে তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে যোৱা জানুৱাৰী আৰু মাৰ্চত ভাৰতলৈ আহিছিল। ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান- প্ৰদান শক্তিশালী কৰাৰ উদ্দেশ্যে এই ভ্রমণ অব্যাহত আছে। কাইলৈ ড° খলিলে মালদীপৰ নেতৃত্বত ব্যাপক অর্থনৈতিক আৰু সামুদ্রিক সুৰক্ষা অংশীদাৰিত্ব বিষয়ক ভিজন ডকুমেণ্টৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত ভাৰত-মালদীপৰ মাজৰ দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে যোৱা বছৰৰ অক্টোবৰত মালদীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইঞ্জুৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ নেতৃত্বত এই ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি উলিওৱা হৈছিল। এই ভ্ৰমণৰ সময়ত ড° খলিলে ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
Assamese | May 26, 2025 12:51 PM | Abdul khalil
তিনিদিনীয়া ভ্রমণসূচীৰে ড° আব্দুল্লা খলিল কালি নতুন দিল্লীত উপস্থিত