আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লীত দলীয় নির্বাচনী ইস্তাহাৰ মুকলি কৰে। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ জনসাধাৰণৰ বাবে এই ইস্তাহাৰত ১৫টা গেৰাণ্টিৰ বিষয়ে ঘোষণা কৰা হৈছে। নতুন দিল্লীত আজি সংবাদমেল সম্বোধন কৰি শ্ৰী কেজৰিৱালে তেওঁৰ দল ক্ষমতালৈ আহিলে অহা ৫ বছৰৰ ভিতৰত এই ১৫টা প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব। তেওঁ এই ১৫টা গেৰাণ্টিৰ ভিতৰত নিয়োগৰ সুবিধা, চিকিৎসা সেৱাৰ বাবে সঞ্জীৱনী আঁচনি, প্ৰতিমাহে মহিলাসকলৰ বাবে ২১০০ টকাৰ আৰ্থিক সাহায্য আৰু পানীৰ বকেয়া ধন মাফকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি আছে বুলি জানিবলৈ দিয়ে। শ্ৰী কেজৰিৱালে বিজেপি আৰু কংগ্ৰেছে দিল্লীৰ জনসাধাৰণক ভূৱা প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ তোলে।
Assamese | January 27, 2025 5:53 PM | AAP
নতুন দিল্লীত দলীয় নির্বাচনী ইস্তাহাৰ মুকলি আম আদমী পাৰ্টীৰ