বিজেপিয়ে আজি আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক মন্দিৰ আৰু গুৰুদ্ধাৰৰ পুৰোহিতসকলক মাহিলী ১৮ হাজাৰকৈ জলপানি ঘোষণা কৰা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। বিজেপি নেতা প্ৰেম শুক্লাই আজি সংবাদ মাধ্যমৰ আগত আপে ইয়াৰ পূৰ্বে পুৰোহিতসকলক কিয় এনে সুবিধা প্ৰদান কৰা নাছিল বুলি প্ৰশ্ন কৰে। আপে বিগত ১০ বছৰে মৌলানাসকলক এনেধৰণৰ সুবিধা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি নেতাগৰাকীয়ে অৰবিন্দ কেজৰিৱালে সমাগত নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়তেই জনসাধাৰণক এনে ধৰণৰ প্রতিশ্রুতি দিছে বুলি সমালোচনা কৰে। উল্লেখযোগ্য যে, দিল্লীত পুনৰ শাসনলৈ আহিলে আপ চৰকাৰে পুজাৰী-গ্রন্থী সম্মান যোজনাৰ অধীনত মন্দিৰ আৰু গুৰুদ্বাৰৰ পুৰোহিতসকলক প্ৰতিমাহে ১৮ হাজাৰ টকাকৈ জলপানি প্ৰদান কৰাৰ কথা আজি ঘোষণা কৰিছে।
Assamese | December 30, 2024 8:38 PM | AAP
পুৰোহিতসকলক জলপানি ঘোষণা কৰা সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক প্রশ্ন উত্থাপন বিজেপিৰ