চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ নিবেদন দাাস পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো অঞ্চল সামৰি সম্ভাৱ্য পথ দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত পর্যালোচনা কৰা হয়। পথ সুৰক্ষা সমিতিৰ সকলো সদস্যক নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ লগতে অনাগত দিনত জিলাখনত দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ৰাজপথত সুৰাপান কৰি যান-বাহন চলোৱা লোকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ আৱকাৰী বিভাগক নির্দেশ দিয়ে।
Assamese | May 31, 2024 7:46 PM | Assam | Choriedew
চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক অনুষ্ঠিত