অহা ৭ মে’ত হ‘বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাইছে। ভোটগ্রহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দক্ষিণ শালমৰা মানকাচৰ জিলাৰ জিলা প্ৰশাসনে প্রিজাইডিং, পোলিং বিষয়াৰ গোটক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত ১১২ টা প্রিজাইডিং আৰু পোলিং গোটক অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ জিলা অতিৰিক্ত আয়ুক্ত ৰিপণজ্যোতি নাথৰ উপস্থিতিত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। কাইলৈ বিয়লিৰ ভিতৰত জিলাখনৰ মুঠ ৪০৬ টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ৪৪৮ টা প্রিজাইডিং আৰু পোলিং বিষয়াৰ গোটক তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ‘ব।
Assamese | May 2, 2025 6:54 PM | 2nd phase election
দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণ প্ৰস্তুতি