December 23, 2025 1:27 PM

views 28

বৰপেটাৰ চেঙাত ঘন কুঁৱলীৰ বাবে হোৱা পথ দুৰ্ঘটনাত মটৰচাইকেল আৰোহীৰ মৃত্যু; বোকাজানৰ শুকানজানত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

বৰপেটা জিলাৰ চেঙাত ঘন কুঁৱলীৰ বাবে হোৱা এটা পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহীৰ মৃত্যু হয়। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বৰমাৰা গাঁৱৰ নুৰ মহম্মদ নামৰ মটৰ চাইকেল আৰোহীজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত ...

December 23, 2025 1:26 PM

views 70

ৰাজ্য চৰকাৰৰ শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’র্টেল মুকলি

অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’র্টেল মুকলি কৰিছে। শাৰিৰীক অসুস্থতা, চিকিৎসা ব্যয় আদিৰ ফলত আর্থিক সমস্যা সন্মুখীন হোৱা শিল্পীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি মুকলি কৰিছে। ১৮ৰ পৰা ৭০ বছ বয়সৰ শিল্পীসকলে এই ...

December 23, 2025 1:23 PM

views 41

আকাশবাণী গুৱাহাটীত আজি বিয়লি ৩ বাজি ৫ মিনিটৰ বিশেষ প্রাসংগিক অনুষ্ঠানত তামুলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে সাক্ষাৎকাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত তামুলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ তামুলপুৰ জিলাৰ সংবাদদাতা নয়নজ্যোত...

December 23, 2025 12:37 PM

views 39

ভূপালৰ অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাৰতীয় নৌসেনা বাহিনীৰ অংকুশ যাদৱৰ সোণৰ পদক

ভূপালৰ এম পি ৰাজ্যিক শ্বুটিং একাডেমীত চলি থকা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাৰতীয় নৌসেনা বাহিনীৰ অংকুশ যাদৱে সোণৰ পদক অৰ্জন কৰিছে। যাদৱে সুন্দৰ প্ৰদৰ্শেনেৰে অলিম্পিয়ান অর্জুন বাবুটাক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। আনহাতে ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ জুনিয়ৰত ফাইনেলত গুজৰাটৰ মহম্মদ মুটাতাজা...

December 23, 2025 12:36 PM

views 35

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশৰ স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী অনুপ্রিয়া পেটেল

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশৰ স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্র দেশতে প্রাথমিক স্বাস্থ্য যতন ব্যৱস্থা শক্তিশালী কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা কৰিছে। শ্ৰীমতী প...

December 23, 2025 12:35 PM

views 84

গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্রজোঁটে লাভ কৰা সমর্থনৰ বাবে গোৱাবাসীক প্ৰধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মহাৰাষ্ট্ৰবাদী গোমান্তক পার্টী মিত্রজোঁটে লাভ কৰা সমর্থনৰ বাবে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয়, যে ইয়াৰ ফলত ৰাজ্যখনৰ উন্নয়নৰ বাবে এন ডি এৰ প্ৰচেষ্টা সফল হ'ব। তেওঁ কয়...

December 23, 2025 12:34 PM

views 93

গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত জয়লাভৰ বাবে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দামোদৰ জি নায়িকক জে পি নাড্ডা-অমিত শ্বাহৰ অভিনন্দন

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাই গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু দলৰ ৰাজ্যিক সভাপতি দামোদৰ জি নায়িকক জিলা পঞ্চায়তৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত শ্ৰীনাড্ডাই পঞ্চায়ত নিৰ্বাচনত বিজেপি তথা ইয়াৰ মিত্ৰজোঁট মহাৰাষ্ট্রবাদী গোমান্ত...

December 23, 2025 12:32 PM

views 70

গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা লাভ

সদ্য সমাপ্ত গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ ৫০খন জিলা পঞ্চায়ত আসনৰ ভিতৰত ৩০খনতকৈও অধিক আসনত দুয়োটা দলে জয়লাভ কৰে। আনহাতে কংগ্ৰেছে ১০খন আৰু আপ তথা ৰিভ'লিউচনৰী গোৱান পাৰ্টীয়ে এখনকৈ আসন লাভ কৰে। যোৱা ২০ ডিচেম্বৰত ভোটগ্রহণ হোৱা ...

December 23, 2025 11:50 AM

views 47

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমকে ধৰি সীমান্ত অঞ্চলসমূহত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহৰ বিশেষ সতর্কতা জাৰি

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহে দেশখনৰ সৈতে থকা সীমান্ত অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে প্রতিবেশী ৰাষ্ট্ৰখনৰ সুৰক্ষা সংস্থাসমূহ দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ থকাৰ সুযোগ লৈ একাংশ মৌলবাদী...

December 23, 2025 11:49 AM

views 48

বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নতুনকৈ ১,৮৩০টা ভোটগ্রহণ কেন্দ্ৰ স্থাপনত নিৰ্বাচন আয়োগৰ অনুমোদন

নির্বাচন আয়োগে অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নতুনকৈ এহেজাৰ ৮৩০ টা ভোটগ্রহণ কেন্দ্র স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ৩১ হাজাৰ ৪৮৬ লৈ বৃদ্ধি পাব। ৰাজ্যিক নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৰ্বে ৰাজ্যখনত ২৯ হাজাৰ ৬৫৬ টা ভোটগ্রহণ ...