ৰাজ্যিক নির্বাচন আয়োগে ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰিছে। ভোটদাতাসকলে বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত নিজৰ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ২৮ নৱেম্বৰৰ ভিতৰত নাগৰিকে দাবী বা আপত্তি দৰ্শাব পাৰিব। এই সময়ছোৱাত ৰাজ্যবাসীয়ে প্ৰ-পত্ৰ ৬, ৬(ক), ৭ আৰু ৮ পূৰণ কৰিব পাৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে ৯, ১০, ১৬ আৰু ১৭ নৱেম্বৰত বিশেষ প্ৰচাৰৰ দিন ধাৰ্য কৰিছে। খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী আৰু আপত্তিসমূহ অহা ২৪ ডিচেম্বৰত নিষ্পত্তি কৰা হ’ব। আনহাতে অহা ৬ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। ভোটদাতাসকলে www.ceoassam.nic.in ৱেবছাইটযোগে ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। জিলা নির্বাচন কার্যালয়, ই আৰ অ’ অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত নাইবা সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰতো নিজৰ নাম চাব পাৰিব ।
Assamese | October 30, 2024 12:29 PM | 2025 voter list
২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ, দাবী-আপত্তি দৰ্শোৱাৰ অন্তিম দিন ২৮ নৱেম্বৰ