ভাৰত আৰু ছিংগাপুৰে সৰ্বাত্মক কৌশলগত সহযোগিতাৰ বিশদ পৰিকল্পনা অনুযায়ী আঠটা ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰিছে।
নতুন দিল্লীত কালি ভাৰত-ছিংগাপুৰ বিদেশ কাৰ্যালয়ত পৰামৰ্শ আলোচনাৰ ঊনবিংশলানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাচ্যৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডন আৰু ছিংগাপুৰৰ বিদেশ মন্ত্ৰালয়ৰ স্থায়ী সচিব লিউক গ’হে সহ-অধ্যক্ষতা কৰে।
বৈঠকত দুয়োপক্ষই আঞ্চলিক আৰু গোলকীয় ঘটনাক্ৰমক লৈ মত-বিনিময় কৰে আৰু উমৈহতীয়া প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে আছিয়ান ৰাষ্ট্ৰগোষ্ঠীকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক মঞ্চসমূহৰ ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্বৰ বিষয়ে দোহাৰে।