ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে ৪টা উইকেটৰ বিনিময়ত প্রথম ইনিংছত ১৪০ ৰাণ সংগ্ৰহ কৰে। খেল সামৰণিৰ পৰত ছাই হোপে ৩১ আৰু টেভিন ইমাকে ১৪ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূর্বে ভাৰতে ৫ উইকেটৰ বিনিময়ত ৫১৮ ৰাণ কৰা অৱস্থাত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ভাৰতৰ হৈ যশস্বী জয়ছোৱালে ১৭৫ ৰাণ কৰে। শুভমন গীলে ১২৯ কৰি আউট নোহোৱাকৈ থাকে। ছাই সুদর্শনে ৮৭, নীতিশ ৰেড্ডীয়ে ৪৩ আৰু উইকেট কীপাৰ ধ্ৰুৱ জুৰেলে ৪৪ ৰাণৰ বৰঙণি আগবঢ়ায়।
Assamese | October 11, 2025 8:06 PM | Test cricket
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতৰ শক্তিশালী স্থিতি