সশস্ত্র বাহিনীয়ে ভাৰতৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাই নহয়, বৰং চাইবাৰ যুদ্ধ আৰু সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ বাবেও প্রস্তুতি চলাব লাগিব। তামিলনাডুৰ ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা ষ্টাফ কলেজৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকলক সম্বোধন কৰি কালি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে দ্রুতগতিত পৰিৱৰ্তন হোৱা ভূ-ৰাজনৈতিক পৰিৱেশত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভালদৰে সাজু হোৱাটো প্রয়োজন। যোৱা বুধবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুত উপস্থিত হোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি উধাগা-মাণ্ডালামৰ ৰাজভৱনত নীলগিৰি জিলাৰ জনজাতীয় মহিলা আত্মসহায়ক গোটৰ সদস্য আৰু জনজাতীয় সম্প্ৰদায়ৰ বিশিষ্ট সদস্যসকলৰ সৈতে মত বিনিময় কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে তামিলনাডুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব ।
Assamese | November 29, 2024 10:02 AM | Prez
ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা ষ্টাফ কলেজৰ শিক্ষাৰ্থী-অধ্যাপকক সম্বোধন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ